-
তুমি কোন শ্ৰেণীত পঢ়া? দ্বিতীয়। দশম শ্ৰেণীত
প্ৰথম শ্ৰেণীত! মই অষ্টম শ্ৰেণীত আছিলো যেতিয়া
-
মই প্ৰগ্ৰেম কৰিবলৈ শিকিলো। মই ষষ্ঠ শ্ৰেণীত আ্ছিলো যেতিয়া
প্ৰথম কম্পিউটাৰটো পালো। মই বৰ উৎসাহ পাওঁ
-
ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষমতাৰ বাৱে।
আত্মপ্ৰকাশ কৰিব পাৰে। বস্তু সাজিব পাৰে
-
কিবা এটা বুদ্ধিৰ পৰা। পৰিকলন বিজ্ঞান হʼল বহুতো
কথাৰে ভিত্তি যিবোৰ মহাবিদ্যালয়ৰ বিদ্যাৰ্থীবোৰে
-
আৰু বৃত্তিধাৰীয়ে অহা ২০ বা ৩০ বচৰ মান লৈকে
কৰিব। প্ৰগ্ৰেম কৰিব ভাল পাওঁ কাৰণ মই
-
আনক সহায় কৰি ভাল পাওঁ। মই মানুহৰ জীৱন
উজু কৰাৰ বাৱে কিবা বনাব পৰাৰ সুয়োগ
-
পাওঁ। মই ভাৱো ই এটা অলৌকিক শক্তি
থাকাৰ প্ৰায় সমানেই। আৰম্ভ কৰাতো
-
আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। মোৰ কাৰণেও এই কথাখিনি একেবাৰেই নতুন,
আৰু মই বিচাৰো যে আমি একেলগে শিকোঁ। নমস্কাৰ, মোৰ নাম
-
লিন্ডচি। মহাবিদ্যালয়ত মুখ্য ভাৱে নাট্যশালাৰ অধ্যয়ন কৰিলো
কিন্তু লগতে পৰিকলন বিজ্ঞানৰ অধ্যয়নতো গুৰুত্ব দিছিলো। আৰু
-
এতিয়া মই মডেলিঙ (modeling) কৰো, অভিনয় কৰো, আৰু নিজৰ প্ৰগ্ৰেমো লিখো। আহাঁ
আমি প্ৰগ্ৰেম ব্যৱহাৰ কৰি আন্না আৰু এল্ছা দুয়োকে লগ দিওঁ বৰফৰ যাদু আৰু সৌন্দৰ্য্য
-
বিচৰা সিহঁতৰ অভিযানত। তুমি বৰফ কনিকা আৰু
কিছু চানেকি সাজিবা বৰফৰ উপৰত স্কেট কৰোতে আৰু
-
বৰফময় সপোনৰাজ্য এটা সাজিবা যাক তুমি বনোৱাৰ পাছত
বন্ধু-বান্ধৱ সকলোকে দেখুৱাব পাৰিবা। অহা ঘন্টাটোত,
-
তুমি প্ৰগ্ৰেম লিখাৰ মূল কথাখিনি শিকিবা যাক কʼড বুলিও
কয়। সাধাৰণতে প্ৰ্গ্ৰেম বোৰ কেৱল আখৰৰে লিখা হয়
-
কিন্তু আমি ব্লকলি (Blockly) ব্যৱহাৰ কৰিম, যিয়ে মানচিত্ৰ ৰূপী খণ্ড কিছু (blocks)
ব্যৱহাৰ কৰে যাক তুমি প্ৰগ্ৰেম লিখাৰ বাৱে টানি আনি পেলাব (drag-and-drop কৰিব)
-
পাৰা। বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীবোৰেও এনে ভাৱেই
মূল কথাখিনি শিকে। এইবোৰ ভিতৰত, তুমি আচলতে
-
কʼডেই সাজি আছা। যি সংকল্পনা বোৰ শিকিবা
সেইবোৰ কম্পিউটাৰ প্ৰ্গ্ৰেম লিখক বোৰে দৈনন্দিন
-
ব্যৱহাৰ কৰে আৰু এইবোৰ পৰিকলন বিজ্ঞানৰ
আধাৰ। প্ৰগ্ৰেম হʼল নিৰ্দেশ কেইটামানৰ এটা সংগ্ৰহ
-
যিয়ে কম্পিউটাৰক কি কৰিব লাগে কৈ দিয়ে। আহাঁ
এটা কʼড বা প্ৰগ্ৰেম লিখোঁ যিয়ে এল্ছাক সহজ ৰেখা
-
এটা সাজিবলৈ সহায় কৰিব। আৰু জটিল চানেকি বনোৱাৰ বাৱে
আমি এইটো পিছত ব্যৱহাৰ কৰিম। তোমাৰ স্ক্ৰীন খনক
-
তিনিটা প্ৰধাণ ভাগলৈ ভাঙা হৈছে। বাওঁফালে আছে
বৰফৰ উপৰণিখন যত তুমি তোমাৰ প্ৰগ্ৰেমটো চলাবা।
-
প্ৰত্যেক স্তৰৰ নিৰ্দেশ বোৰ উপৰণি খনৰ ঠিক
তলত লিখা আছে। এই মাজৰ ভাগটো
-
হʼল সঁজুলি বাকচ (toolbox), আৰু প্ৰত্যেকটো ব্লক হৈছে
এটা কাৰ্য যোনটো এল্ছা আৰু আন্নায়ে কৰিব পাৰে। সোঁফালে
-
বগা ঠাই খিনি হʼল কাৰ্যস্থান (workspace),
আৰু ইয়াতে আমি আমাৰ প্ৰগ্ৰেমটো বনাম।
-
বৰফৰ উপৰণিখনত ইফাল-সিফাল কৰাৰ কাৰণে, "Move Forward"
(যা আগলৈ) ব্লকটো ব্যৱহাৰ কৰিবা। ইয়াতে, "Move
-
Forward" ব্লকটোত লিখা আছে, "move forward by 100
pixels." আমি যেতিয়া ʼRun'-ত টিপি দিওঁ, কি হয়?
-
এল্ছায়ে স্ক্ৰীনত আগলৈ যায় এটা নিৰ্দিষ্ট পৰিমাণে,
১০০ পিক্ছেল প্ৰকৃততে! পিক্ছেল বোৰ মূলতে হʼল
-
তোমাৰ কম্পিউটাৰ স্ক্ৰীনৰ একেবাৰেই সৰু সৰু বৰ্গ।
এই সাঁথৰটোৰ ভিতৰৰ আন ব্লকটোত লিখা আছে
-
"turn right by 90 degrees." আৰু আমি যেতিয়া এই "Turn
Right" (ঘূৰ সোঁফালে) ব্লকটো ব্যৱহাৰ কৰো, ই এল্ছাক নিৰ্দিষ্ট
-
পৰিমাণে ঘূৰায়। তুমি অলপ চাব পাৰা এল্ছাক কিমান
পৰিমাণে ঘূৰাব বিছাৰা। ঘূৰাৰ মাত্ৰা (angle বা কোণ)
-
এল্ছাৰ আগপিনে যোৱা দিশৰ পৰা জোখা হয়। সেয়ে
এইটো এটা ৯০ ডিগ্ৰী পাক। আৰু এইটো এটা ১২০
-
ডিগ্ৰী পাক। মনত ৰাখিবা, পিক্ছেল আৰু ডিগ্ৰীৰ পৰিমানখিনি
লগতে দিয়া শৰ কেইডালত ক্লিক কৰি
-
সলনি কৰিব পাৰা।