এটা if-else (যদি-অন্যথা) বাক্য হʼল এটা নিৰ্ধাৰণ, দুটা বস্তুৰ মাজত। যেনে ধৰা, যদি (IF) স্ক্ৰেৎ নামৰ কেৰ্কেতুৱাটোয়ে কাঠফলটো বিচাৰি পায়, তেন্তে তাৰ বৰ ফুৰ্তি। অন্যথা (ELSE) সি দুঃখী, আৰু বিচাৰি থাকে। এতিয়া চাওঁ আহা কেনেকৈ আমি এটা if-else (যদি-অন্যথা) বাক্য ব্যৱহাৰ কৰিব পাৰো আমাৰ বন্ধু স্ক্ৰেতৰ লগত। এই block (খণ্ড)-টো "if" (যদি) block-টোৰ নিচিনা একেই দেখিবলৈ কিন্তু ইয়াৰ তলৰ পিনত এটা অতিৰিক্ত অংশ আছে যত "else" (অন্যথা) লিখা আছে। মই যদি এটা "move forward" (যা আগলৈ) block লগাওঁ যত লিখা আছে "do" (কৰ) আৰু এটা "turn left" (ঘূৰ বাওঁপিনে) block যত লিখা আছে "else" (অন্যথা), তাৰ মানে স্ক্ৰেৎ কেৰ্কেতুৱায়ে আগলৈ যাব যদি আগলৈ পথ ("path ahead") আছে। যদি আগলৈ পথ ("path ahead") নায়, স্ক্ৰেতে বাওঁপিনে ঘূৰিব ("turn left")। সি নিৰ্ধাৰণ এটা কৰিছে আৰু দুয়োটা কামৰ ভিতৰত এটা কৰিছে সেই নিৰ্ধাৰণৰ ভিত্তিত। আৰু ঠিক "if" (যদি) block-ৰ নিচিনাকৈ, "repeat" (বাৰম্বাৰ কৰ) block-ৰ ভিতৰতো "if-else" block বোৰক থব পাৰা। এতিয়া স্ক্ৰেৎ কেৰ্কেতোৱাটোক সহায় কৰো বোলা, কাথফলটো পাবলৈ!