Return to Video

এণ্ডি হবছবামে কয়: সেউজ আনক

  • 0:00 - 0:05
    প্ৰচুৰ সৃজনীশক্তি| প্ৰয়োজনৰ সময়ত আমাক লাগে প্ৰচুৰ সৃজনীশক্তি|
  • 0:05 - 0:13
    আলোচনা কৰোঁ আহক| প্ৰচুৰ সৃজনীশক্তি আচৰিতভাৱে, উদ্ভূতভাৱে, যুক্তিপূৰ্ণভাৱে আৰু অযুক্তিপূৰ্ণভাৱে শক্তিশালী|
  • 0:13 - 0:17
    সৃজনীশক্তিয়ে প্ৰচাৰ কৰিব পাৰে সহনশীলতা, জিনিব পাৰে স্বাধীনতা,
  • 0:17 - 0:20
    শিক্ষাক এটা উজ্জ্বল আদৰ্শহেন কৰি দেখুৱাব পাৰে
  • 0:20 - 0:21
    (হাঁহি)
  • 0:21 - 0:25
    সৃজনীশক্তিয়ে বঞ্চনাৰ ওপৰত আলোকপাত কৰিব পাৰে,
  • 0:25 - 0:29
    বা দেখুৱাব পাৰে যে আচলতে বঞ্চনা ঠিক দেখাৰ দৰে নহয়
  • 0:29 - 0:32
    সৃজনীশক্তিয়ে কোনো ৰাজনীতিবিদক নিৰ্বাচিত কৰিব পাৰে,
  • 0:32 - 0:35
    বা কোনো দলক অনিৰ্বাচিত কৰিব পাৰে,
  • 0:35 - 0:39
    কোনো যুদ্ধক শোকাবহ বা ভেকোঁভাওনাহেন কৰি তুলিব পাৰে
  • 0:39 - 0:43
    সৃজনীশক্তি কোনো সংস্কৃতিস্ৰষ্টা- আমাৰ টি-চাৰ্টত শ্লোগান লিখা
  • 0:43 - 0:45
    আৰু আমাৰ মুখত কথা দিয়া
  • 0:45 - 0:48
    কোনো বাটকটীয়া যিয়ে আমাক দেখুৱায় এটা সহজ বাট
  • 0:48 - 0:50
    নৈতিকতাৰ অলঙ্ঘনীয় চক্ৰবেহুৰ মাজেদি|
  • 0:50 - 0:55
    বিজ্ঞান চতুৰ, কিন্তু সৃজনীশক্তি তাতকৈ অলপ কম বোধগম্য
  • 0:55 - 0:58
    আৰু বেছি যাদুকৰী| আৰু আমাক এতিয়া সেই যাদুৰ প্ৰয়োজন|
  • 0:58 - 1:00
    এয়া সেই প্ৰয়োজনৰ সময়|
  • 1:00 - 1:02
    আমাৰ জলবায়ু খৰকৈ সলনি হৈছে, খুব খৰকৈ|
  • 1:02 - 1:05
    আৰু সৃজনীশক্তিৰ প্ৰয়োজন হৈছে সৃজনীশক্তিয়ে কৰিব জনা কামবোৰৰ বাবেঃ
  • 1:05 - 1:09
    নাটকীয় কোনো সৃজনীশীল মতেৰে আমাক নতুন ধৰণেৰে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰি তুলিবৰ বাবে|
  • 1:09 - 1:11
    আমাক আন ধৰণেৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰাৰ বাবে
  • 1:11 - 1:14
    সৰু সৰু সৃজনীশীলতাৰ আনন্দময় টুকুৰাৰ সৈতে|
  • 1:14 - 1:17
    এয়া মই জড়িত থকা তেনে এটুকুৰা কাম
  • 1:17 - 1:20
    য'ত সৃজনীশীলতাই ৰাইজক পৰিবেশ সচেতন হ'বলৈ উদগনি দিব
  • 1:20 - 1:24
    ভিডিঅ': পুৰুষঃ বুজিছা, আজি গাড়ীত যোৱাতকৈ মই খোজেৰেই যাওঁ|
  • 1:24 - 1:28
    নেপথ্যতঃ আৰু তেওঁ বাট বাই গ'ল আৰু দেখিলে দেধাৰ
  • 1:28 - 1:32
    আচৰিত আৰু বিস্ময়কৰ বস্তু যি তেওঁ অন্যথা নেদেখিলেহেঁতেন|
  • 1:32 - 1:35
    ভৰি খজুৱাই থকা হৰিণা এটা| উৰণীয়া মটৰ চাইকেল এখন|
  • 1:35 - 1:40
    এখন ৰহস্যময় দেৱালে চাইকেল এখনৰ পৰা নিলগাই ৰখা দেউতাক-জীয়েক এহাল
  • 1:40 - 1:45
    তেওঁ থমকি ৰ'ল| তেওঁৰ সমুখতে তাই খোজ দি গৈ আছে|
  • 1:45 - 1:47
    একেজনী মানুহ যিয়ে ল'ৰালিত তেওঁৰ স'তে সৰু ছোৱালীজনীহৈ পথাৰত দেও দি ফুৰিছিল
  • 1:48 - 1:49
    আৰু তেওঁৰ হৃদয় ভাঙিছিল|
  • 1:49 - 1:51
    নিশ্চয়কৈ তাইৰ বয়সে ভাটি দিছে|
  • 1:51 - 1:52
    আচলতে তাইৰ বয়সে বাৰুকৈয়ে ভাটি দিছে|
  • 1:52 - 1:55
    কিন্তু তেওঁৰ যেন তাইৰ প্ৰতি থকা সকলো আবেগ আকৌ উথলি আহিল|
  • 1:55 - 1:58
    "ফ'ৰ্ড," তেওঁ লাহেকৈ ক'লে| তাইৰ নাম সেইটো|
  • 1:59 - 2:01
    "একোকে নক'বা গাষ্টি," তাই ক'লে
  • 2:01 - 2:02
    তেওঁৰ নাম সেয়া|
  • 2:02 - 2:07
    "চৰাইঘৰটোৰ কাষতে এটা তম্বু আছে, ইয়াৰ পৰা ৩০০ গজমান দূৰত|
  • 2:07 - 2:10
    ব'লা তালৈকে যাওঁ আৰু দুয়ো দুয়োতে মিলি যাওঁ"
  • 2:10 - 2:14
    ফ'ৰ্ডে কাপোৰ খুলিলে| তাই এখন ভৰি বহলাই মেলিলে, তাৰপাছত আনখন|
  • 2:14 - 2:18
    গাষ্টি তাইৰ মাজত বিলীন হ'ল আৰু ছন্দিত সম্ভোগত লিপ্ত হ'ল
  • 2:18 - 2:21
    আৰু তাই তাকে কেমেৰাত বন্দী কৰিলে কাৰণ তাই চৌখিন প্ৰাপ্তবয়স্ক চিত্ৰ নিৰ্মাতা
  • 2:21 - 2:23
    পৃ্থিৱীখন কঁপি উঠিল-দুয়োৰে বাবে|
  • 2:23 - 2:26
    আৰু দুয়ো আজীৱন আনন্দেৰে থাকিল|
  • 2:26 - 2:31
    আৰু সকলোবোৰ হ'ল কেৱল তেওঁ সেইদিনা খোজেৰে যোৱাৰ বাবে|
  • 2:32 - 2:42
    (হাত চাপৰি)
  • 2:42 - 2:45
    এণ্ডি হবছবামঃ আমাৰ হাতত বিজ্ঞান আছে, তৰ্কও আমি কৰিলোঁ|
  • 2:45 - 2:47
    নৈতিক ৰায়টি এতিয়া আপোনালোকৰ সমুখত|
  • 2:47 - 2:49
    প্ৰচুৰ সৃজনীশক্তি প্ৰয়োজন এই সকলোবোৰৰ বাবে,
  • 2:49 - 2:51
    সৰল আৰু ক্ষুৰধাৰ কৰিবলৈ|
  • 2:51 - 2:55
    সম্পৰ্ক গঢ়িবলৈ| মানুহক সক্ৰিয় কৰিবলৈ|
  • 2:55 - 2:57
    সেয়ে এয়া এক আহ্বান, এটি গোহাৰি,
  • 2:57 - 2:59
    বুদ্ধিদীপ্ত অতুলনীয় টেড্ সমাজলৈ|
  • 2:59 - 3:01
    আহক জলবায়ু পৰিবৰ্ত্তনৰ বিৰূদ্ধে সৃষ্টিশীল হওঁ|
  • 3:01 - 3:03
    আৰু অনতিপলপে হওঁহক| ধন্যবাদ|
  • 3:03 - 3:04
    (হাত চাপৰি)
Title:
এণ্ডি হবছবামে কয়: সেউজ আনক
Speaker:
Andy Hobsbawm
Description:

এণ্ডি হবছবামে সেউজীয়া পৰিবেশৰ বাবে এটা নতুন প্ৰচাৰ চলাইছে- আৰু তাৰ লগত পোৱা সুবিধাবোৰ

more » « less
Video Language:
English
Team:
closed TED
Project:
TEDTalks
Duration:
03:04
Priyankoo Sarmah added a translation

Assamese subtitles

Revisions